Assam Reports Live
Social

কৃত্ৰিম বানৰ কবলত পৰি জলমগ্ন হ'ল লিডু মাৰ্ঘেৰিটাৰ বিস্তৃৰ্ণ অঞ্চল ।

কৃত্ৰিম বানৰ কবলত পৰি জলমগ্ন হ'ল লিডু মাৰ্ঘেৰিটাৰ বিস্তৃৰ্ণ অঞ্চল ।

admin

Reporter / Editorial Desk

16 Jul 2026, 21:44 1 min read 17 views
কৃত্ৰিম বানৰ কবলত পৰি জলমগ্ন হ'ল লিডু মাৰ্ঘেৰিটাৰ বিস্তৃৰ্ণ অঞ্চল ।

কৃত্ৰিম বানৰ কবলত পৰি জলমগ্ন হ'ল লিডু মাৰ্ঘেৰিটাৰ বিস্তৃৰ্ণ অঞ্চল ।

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান লিডু মহাবিদ্যালৰ , লিডু কণিষ্ঠ        মহাবিদ্যালয় , বৰগোলাইস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ , টিকক কলিয়ৰী , লিডু ৰেলৱে ষ্টেচনৰ লগতে মাৰ্ঘেৰিটাৰ নগৰৰ কেইবাটাও অঞ্চল কৃত্ৰিম    বানৰ কৱলত ।                   

কৃত্ৰিম বানৰ কবলত লিডু মাৰ্ঘেৰিটাৰ বহু অঞ্চল ।

আনহাতে  লিডু মহাবিদ্যালয় আৰু  লিডু কণিষ্ঠ মহাবিদ্যালয়ৰ  কাষেৰে প্ৰবাহিত হোৱা কেঁচা নলা টো অত্যধিক বৰষুণৰ ফলত পানীৰে উপচি পৰি কাষৰীয়া অঞ্চলৰ লগতে শিক্ষানুষ্ঠান দুখন প্লাৱিত কৰি আহিছে।

কালি নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত আজি এনেদৰে কৃত্ৰিম বানৰ কবলত পৰে শিক্ষানুষ্ঠান খনৰ লগতে বহু অঞ্চল।


কেঁচা নলা টো বিজ্ঞান সন্মত ভাৱে খান্দি এনে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব পৰা যায় বুলি মন্তব্য কৰে স্থানীয় লোকে।


আনহাতে মাৰ্ঘেৰিটা নগৰৰ এক নং ৱাৰ্ড, হিলভিউ আদিতো কৃত্ৰিম বানৰ ফলত ৰাইজে দূৰ্ভোগ ভূগিব লগা হৈছে।

বহু কেই গৰাকী ব্যক্তিৰ বাসগৃহত পানী সোমাই অনিষ্ট সাধন কৰে ।

এই ক্ষেত্ৰত চৰকাৰ, জনপ্ৰতিনিধি তথা অন্যান্য কতৃপক্ষৰ কোনো কাণসাৰ নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকৰ লগতে দল সংগঠনে।

মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপ'ৰ্ট

Video Report

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment