মাজুলীৰ নতুন কমলাবাৰীৰ সত্ৰৰ প্ৰেম ওজা বৰবায়নলৈ মৰিগাঁও শংকৰী সংগীত বিদ্যা
মাজুলীৰ নতুন কমলাবাৰীৰ সত্ৰৰ প্ৰেম ওজা বৰবায়নলৈ মৰিগাঁও শংকৰী সংগীত বিদ্যা
admin
Reporter / Editorial Desk
#সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মাজুলীৰ নতুন কমলাবাৰীৰ সত্ৰৰ প্ৰেম ওজা বৰবায়নলৈ মৰিগাঁও শংকৰী সংগীত বিদ্যালয়ৰ কুশীলৱ-২০২৬ ৰ বঁটা প্ৰদান*
#গুৰু আৰু পিতৃ-মাতৃক শ্ৰদ্ধা কৰিলে সকলোতে সফলতা অৰ্জন কৰাটো সম্ভৱ- সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰেম ওজা বৰবায়ন*
#পাঁচ জন ছাত্ৰ -ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা*
#মৰিগাওঁ, ১৬ জুলাই ঃ #গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য, খোল বাদন আৰু বৰগীতসমূহ নতুন প্ৰজন্মৰ মাজত বিয়পাই দিয়াৰ বাবে কাম কৰি অহা মৰিগাঁৱৰ অন্যতম শংকৰী কলা চৰ্চা কেন্দ্ৰ মৰিগাঁৱৰ শংকৰী সংগীত বিদ্যালয়ে আজি কুশীলৱ-২০২৬ ৰ বঁটা প্ৰদান অনুষ্ঠানটো অনুষ্ঠিত কৰে। মৰিগাঁও চহৰৰ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটোত কুশীলৱ-২০২৬ ৰ বঁটা আনুষ্ঠানিক ভাবে প্ৰদান কৰে বিশিষ্ট শংকৰী কলা সাধক,সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মাজুলীৰ নতুন কমলাবাৰীৰ সত্ৰৰ বৰবায়ন প্ৰেম ওজা বৰবায়নক।বঁটা গ্ৰহণ কৰি নিজকে ধন্য হোৱা বুলি মন্তব্য কৰি শংকৰী কলা সাধক গৰাকীয়ে কয় গুৰু আৰু পিতৃ-মাতৃক শ্ৰদ্ধা কৰিলে সকলোতে সফলতা অৰ্জন কৰাটো সম্ভৱপৰ হয় বুলি মন্তব্য কৰে। ইফালে শংকৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষ প্ৰসন্ন কুমাৰ মেধী আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জ্ঞান মোহন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা সভাখন উদ্ধোধন কৰে মৰিগাঁও জিলাৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাধাৰণ সম্পাদক সন্ত নাৰায়ণ ডেকাই।ডেকাই ভাষণ প্ৰসংগত কয় শংকৰ-মাধৱক বাদ দি অসমীয়া সমাজে পূৰ্ণতা নাপাই বুলি মন্তব্য কৰে।মৰিগাঁও জিলাৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সভাপতি অতুল চন্দ্ৰ দাসে মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মহাপুৰুষ জনাৰ সৃষ্টিৰাজীৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তদুপৰি সভাত মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত জেবিন গুলনাৰা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,প্ৰাক্তন সম্পাদক জিতুমনি নাথে শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰা সভাখনত সাংস্কৃতিক সমিতিৰ সভাপতি অজয় কুমাৰ দেউৰজা, সাংবাদিক প্ৰাঞ্জল শৰ্মা,দীপাংক নাথ,সত্ৰীয়া সাধক মৃনাল মেধী,সমাজকৰ্মী ছাজিদুৰ ৰহমান,প্ৰশিক্ষক তাপস বৰদলৈ, ব্যৱস্থাপক মন্টু কুমাৰ নাথ আদি কৰি ভালে সংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য যে অনুষ্ঠানটোৰ আৰম্ভণিতে প্ৰসন্ন কুমাৰ মেধীৰ পৰিচালনাত শিল্পী মৌমিন ডেকাই বৰগীত পৰিবেশনে শুভৰাম্ভ কৰাৰ পিছত প্ৰশিক্ষক উৎপলা হোকাই,কুশীলৱ বঁটা প্ৰাপক প্ৰেম ওজা বৰবায়ন আৰু মনিৰাম বৰুৱাই প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই সকলোকে আপ্লুত কৰি তোলে। ইফালে শংকৰী কলা চৰ্চাৰ জৰিয়তে বিদ্যালয় তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা পাঁচ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী ক্ৰমে শিখি কাকতি,অংচুমা কলিতা,জুচিপৰ্ণা ডেকা, জাহ্নৱী গোস্বামী আৰু হিমানজ্যোতি মহন্তক বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়।
#মৰিগাঁৱৰ পৰা অচ্যুত কুমাৰ নাথৰ ৰিপোৰ্ট, Assam Reports Live
#newsfeed #NewsFlash #BREAKING
Readers Discourse (0)
No comments posted yet. Be the first to start the discussion.