Assam Reports Live
Social

#কৃতি শিক্ষক -- শংকৰী কলা সংস্কৃতিৰ সাধক--- শিল্পী পেঞ্চনাৰ পৰাণ কুমাৰ দাসৰ দেহাৱসান

#কৃতি শিক্ষক -- শংকৰী কলা সংস্কৃতিৰ সাধক--- শিল্পী পেঞ্চনাৰ পৰাণ কুমাৰ দাসৰ দেহাৱসান

admin

Reporter / Editorial Desk

08 Jul 2026, 09:22 1 min read 31 views
#কৃতি শিক্ষক  --   শংকৰী  কলা সংস্কৃতিৰ সাধক---  শিল্পী পেঞ্চনাৰ পৰাণ কুমাৰ দাসৰ দেহাৱসান

#কৃতি শিক্ষক  --   শংকৰী  কলা সংস্কৃতিৰ সাধক---  শিল্পী পেঞ্চনাৰ পৰাণ কুমাৰ দাসৰ দেহাৱসান ####
শোক স্তব্ধ  ডিমৌচাৰিআলি ###

#নগাঁও,৭ জুলাই  :::: #নগাঁও জিলাৰ  বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলি পুৱ শালমাৰা নিবাসী তথা কৃতি শিক্ষক , শংকৰী কলা সংস্কৃতিৰ সাধক , শিল্পী পেঞ্চনাৰ পৰাণ কুমাৰ দাসৰ (৭৫) আজি বিয়লি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। উল্লেখ যে বিগত  কিছু  দিন ধৰি লোকজন  কফ আৰু  হাপানী ৰোগত আক্ৰান্ত হৈ আছিল।  আজি  অসুস্থতা বেছি  হোৱাৰ বাবে পৰিয়ালৰ  লোকে নগাঁৱৰ এখন  ব্যক্তিগত  চিকিৎসালয়ত ভৰ্তি কৰায়  যদিও চিকিৎসাধীন  অৱস্থাতেই  তেওঁৰ  মৃত্যু  হয়।  উল্লেখযোগ্য যে  ১৯৫২ চনত জন্ম গ্ৰহণ কৰা পৰাণ কুমাৰ দাসে ডিমৌ চৰ্দাৰ বল্লভ ভাই পেটেল মজলীয়া বিদ্যালয়ত কৃতিত্বৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে। শিক্ষকতাৰ সমান্তৰালকৈ লোকগীত,  টোকাৰী গীত আদি চৰ্চা কৰিছিল। ইয়াৰ উপৰিও তেওঁ  শিশু সকলক বৰগীতৰ প্ৰশিক্ষণ দি গুৰুজনাৰ অপুৰ্ব সৃষ্টিৰাজিক পৰিচয় কৰি দিছিল। এগৰাকী সুদক্ষ বাহীবাদক দাস এগৰাকী শংকৰী সংস্কৃতিৰ সাধক আছিল। তেওঁ একশৰণ ভাগৱতী সমাজকে ধৰি বৃহত্তৰ ডিমৌ-- শালমৰা অঞ্চলৰ বিভিন্ন সামাজিক- সাংস্কৃতিক অনূষ্ঠানৰ লগত জড়িত হৈ অঞ্চলটোৰ  সামগ্ৰিক বিকাশৰ হকে কাম কৰিছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধ সকলৰ লগতে বিভিন্ন সংগঠন ,অনুস্থান আদিয়ে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জনায়। শিল্পী  পেঞ্চনাৰ  পৰাণ  কুমাৰ  দাসৰ মৃত্যুত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস , প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাস, স্থানীয় শ্ৰীমন্ত শংকৰদেৱ যুৱক সংঘ, চিদানন্দ পুথিভঁৰাল , ডিমৌ আঞ্চলিক ৰাস মহোৎসৱ সমিতি , ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন , একশৰণ ভাগৱতী সমাজ ,এছ কে ,বি এল শংকৰ জন্মোৎসৱ সমিতি , ফুলগুৰি আঞ্চলিক কবি সন্মিলন , ডিমৌ চৰ্দাৰ বল্লভ ভাই পেটেল মজলীয়া বিদ্যালয়, শালমাৰা উচ্চ মাধ্যমিক বিদ্যালয়কে  ধৰি বিভিন্ন অনুষ্ঠান  আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।  মৃত্যুৰ সময়ত তেওঁ পত্নী ,পুত্ৰ ,জীয়ৰী সহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ গৈছে।

#নগাঁৱৰ পৰা  দেবজিত হাজৰিকাৰ ৰিপৰ্ট, Assam  Reports Live

#newstoday #NewsUpdate #newseason

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment