Assam Reports Live
Social

#বেবেজীয়া --- জামুগুৰি-- শেতালি সংযোগী পথৰ দুৱাৰমুখতে ক*দ*ৰ্য ৰূপ ###

#পথচাৰীয়ে নাকত সো**পা লৈ যাতায়ত ব্যৱস্থা ###

admin

Reporter / Editorial Desk

04 Jul 2026, 08:17 1 min read 43 views
#বেবেজীয়া --- জামুগুৰি-- শেতালি সংযোগী পথৰ দুৱাৰমুখতে ক*দ*ৰ্য  ৰূপ ###

#বেবেজীয়া --- জামুগুৰি-- শেতালি সংযোগী পথৰ দুৱাৰমুখতে ক*দ*ৰ্য  ৰূপ ###

#পথচাৰীয়ে নাকত সো**পা লৈ যাতায়ত ব্যৱস্থা ###

#নগাঁও,৩ জুলাই:- #নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিৰ পৰা জামুগুৰি-- শেতালী --- নমাটি সংযোগী পথত একাংশ অবিবেচক তথা কা*ণ্ড জ্ঞা*ন*হী*ন লোকে লেতেৰা আবৰ্জনা,গোৱৰ,জাৱৰ আদি পেলোৱাৰ ফলত পথচাৰী সকলৰ ব্যাপক অসুবিধাৰ সন্মুখীন হোবাৰ লগতে নাকত সোপা লৈ যাব লগীয়া পৰিবেশৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে  বেবেজীয়া চাৰিআলিৰ পৰা জামুগুৰি গাওঁ হৈ শেতালী নমাটি আদি গাওঁ সমূহলৈ পোনপটীয়া কৈ চিধা মৰিগাঁও সংযোগী পথৰ উক্ত পথচোৱা দি দিনে নিশাই অজস্ৰ লোক অহা যোৱা কৰে৷ পথ চোৱাৰে অলপ গৈ জামুগুৰি গাঁৱৰ সন্মুখতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ '৪২ৰ  শ্বহীদ মনবৰ নাথ ক্ষেত্ৰ, জামুগুৰি হৰগৌৰী শিৱ মন্দিৰ,জামুগুৰি সাৰ্ব্বজনীন গৰখীয়া থান,আচিনাই থানকে ধৰি কেইবাখনো প্ৰাথমিক, মজলীয়া আৰু  উচ্চ মাধ্যমিক বিদ্যালয় আছে ৷ গাওঁ খনলৈ সোমোৱা প্ৰবেশ পথৰ  বেবেজীয়া চাৰিআলিৰ বিস্কুট বেকাৰী  দোকান পাৰ হৈ পথৰ দাঁতিত একাংশ লোকে গোৱৰ পেলোৱাৰ ফলত পথচোৱাৰে নাকত সোপা দি অহাযোৱা কৰিব লগীয়া হৈছে৷ অন্যহাতে পথটোৰ দুই  ফালং গৈ বৰডুবি দলংৰ কাষতো কিছু সমাজ বিৰোধী লোকে লেতেৰা আৰ্বজনা পেলোৱা ফলত পথচোৱাৰে অহাযোৱাত ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে পথচাৰী সকল৷ এইক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে লোক নিৰ্মাণ বিভাগ আৰু স্থানীয় পঞ্চায়তৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় লোক সকলৰ লগতে পথচাৰী সকলে৷  

নগাঁৱৰ পৰা দেবজিত হাজৰিকা ৰিপৰ্ট, Assam  Reports Live

#newsfeed #NewsUpdate #BreakingNews

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment