গহপুৰত সুদৰ্শন শিল্পী সমাজৰ দশম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি
গহপুৰত সুদৰ্শন শিল্পী সমাজৰ দশম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি
admin
Reporter / Editorial Desk
#গহপুৰত সুদৰ্শন শিল্পী সমাজৰ দশম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি
গহপুৰৰ ব্ৰহ্মাজানৰ মহেন্দ্ৰপুৰত হৰিমন্দিৰ প্ৰাংগনত অহা ২৫ আৰু ২৬ জুলাই (শাওণ ৮ আৰু ৯ ) তাৰিখে অনুষ্ঠিত হ’ব সুদৰ্শন শিল্পী সমাজৰ দশম বাৰ্ষিক অধিবেশন। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই বৰ্ণাঢ্য অনুষ্ঠানক লৈ এতিয়া অঞ্চলটোত ব্যাপক উছাহ-উদ্দীপনা দেখা গৈছে।
অধিবেশনৰ মূল আকৰ্ষণ হিচাপে থাকিব পবিত্ৰ ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শন। এইবাৰ মঞ্চস্থ হ’ব ধৰ্মীয় নাট 'শ্ৰীশ্ৰী গ্ৰাহ গজেন্দ্ৰ উপাখ্যান'। ইয়াৰ উপৰিও, ১০খন গাঁৱৰ নামঘৰীয়াৰ অংশগ্ৰহণেৰে এক বিশেষ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। উদ্যাপন সমিতিৰ বিষয়ববীয়াসকলে জনোৱা মতে, অধিবেশনৰ সংগতি ৰাখি এক বাৰে-বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। আৰু অঞ্চলটোৰ ৫০খন গাঁৱৰ বিশিষ্ট সাংস্কৃতিক কৰ্মীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। ধৰ্মীয় আৰু সাংস্কৃতিক সমন্বয়ৰ এই অপূৰ্ব মিলনভূমিত সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।
#গহপুৰৰ পৰা ভৈৰৱ জ্যোতি হাজৰিকা ৰিৰ্পোট আৰু কেমেৰা person মিন্টু দাস, ASsam reports live
Video Report
Readers Discourse (0)
No comments posted yet. Be the first to start the discussion.