Assam Reports Live
Cultural

#ডিগবৈত আজিৰ পৰা আৰম্ভ হৈছে সাতদিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা

#ডিগবৈত আজিৰ পৰা আৰম্ভ হৈছে সাতদিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা

admin

Reporter / Editorial Desk

16 Jul 2026, 21:40 1 min read 16 views
#ডিগবৈত আজিৰ পৰা আৰম্ভ হৈছে সাতদিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা

#ডিগবৈত আজিৰ পৰা আৰম্ভ হৈছে সাতদিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা

#ডিগবৈৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান লুইত শিল্পী সমাজৰ দ্বাৰা পৰিচালিত ডিগবৈ সংগীত বিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে সাতদিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা।

#কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লা খান বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া  নৃত্য শিল্পী সেউজ প্ৰিয়া বৰঠাকুৰ গোস্বামীয়ে।

#আজি কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত আত ধৰে সাংস্কৃতিক সম্পাদক নৱজ্যোতি শৰ্মাই।

#ডিগবৈ সংগীত বিদ্যালয়ৰ সভাপতি প্ৰণৱ কুমাৰ গগৈয়ে আদৰণি ভাষণ দিয়া উদ্বোধনী অনুষ্ঠানত সত্ৰীয়া গুৰু তিলেশ্বৰ তামুলী বৰবায়ন,ডিগবৈ সংগীত বিদ্যালয়ৰ সম্পাদক অমৃত কুমাৰ শৰ্মা,লুইত শিল্পী সমাজৰ কোষাধ্যক্ষ আবু হুছেইন আদি উপস্থিত থাকে।

#লুইত শিল্পী সমাজৰ সাধাৰণ সম্পাদক পল্লৱ শৰ্মাই কৰ্মশালাৰ উদেশ্য আৰু লুইত শিল্পী সমাজৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে।

#প্ৰশিক্ষক সেউজ প্ৰিয়া বৰঠাকুৰ গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে  কৰ্মশালাৰ শুভাৰম্ভ কৰে।

#লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সাতদিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা অহা২১ জুলাইত সামৰণি পৰিব।

#কৰ্মশালাত প্ৰায় দুকুৰি প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

#অন্তিম দিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

#মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপ'ৰ্ট, Assam  Reports Live

#newsfeed #NewsUpdate #BreakingNews

Video Report

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment