Assam Reports Live
Business

বিহালীত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে 'ফাৰ্মাৰ ৰেজিষ্ট্ৰি'ৰ আনুষ্ঠানিক পঞ্জীয়ন শুভৰাম্ভণি

উপস্থিত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা।*

admin

Reporter / Editorial Desk

04 Jul 2026, 12:47 1 min read 50 views
বিহালীত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে 'ফাৰ্মাৰ ৰেজিষ্ট্ৰি'ৰ আনুষ্ঠানিক পঞ্জীয়ন শুভৰাম্ভণি

#বিহালীত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে 'ফাৰ্মাৰ ৰেজিষ্ট্ৰি'ৰ আনুষ্ঠানিক পঞ্জীয়ন শুভৰাম্ভণি*


#উপস্থিত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা।*
# বিহালীৰ ।যোৱাকালি

অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আজি বিশ্বনাথ জিলাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে 'ফাৰ্মাৰ ৰেজিষ্ট্ৰি'ৰ অধীনত আনুষ্ঠানিক পঞ্জীয়ন কাৰ্যসূচী সম্পন্ন হয়।  
কৃষি,জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাই এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে।  
অনুষ্ঠানত শোণিতপুৰৰ সাংসদ শ্ৰীযুত ৰঞ্জিত দত্ত,বিহালীৰ বিধায়ক শ্ৰীযুত মুনীন্দ্ৰ দাস , জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ,জিলা কৃষি বিষয়া পানেশ্বৰ বে লগতে কৃষক সকল উপস্থিত থাকে।

মন্ত্ৰী হাজৰিকাই ভাষণত কয় যে 'ফাৰ্মাৰ ৰেজিষ্ট্ৰি'ৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলে চৰকাৰী আঁচনি,ৰাজসাহায্য আৰু কৃষি-ঋণৰ সুবিধা সহজে লাভ কৰিব।ইয়াৰ দ্বাৰা খেতিয়কৰ তথ্যৰ একক ডাটাবেছ প্ৰস্তুত হ'ব আৰু মধ্যভোগীৰ হস্তক্ষেপ নোহোৱাকৈ পোনপটীয়াকৈ সুবিধা প্ৰদান সম্ভৱ হ'ব।কৃষক সকলক বিভিন্ন খেতি জৰিয়তে স্বাৱলম্বী হ'বলৈ আহ্বান জনাই।
কৃষি মন্ত্ৰী পথাৰত সোমাই ধান লগোৱা বাবে সামাজিক মাধ্যমত বহুত লোকে বেয়াকৈ কমেন্ট কৰে যদিও আকৌ য'তে পাৰোঁ তাতে সুবিধা হ'লেও পথাৰত নামিম।ৰাজ্যত কৃষক সকলে  কেৰকেটোৱা বাবে নাৰিকল খেতি নকৰে কিন্তু অতি সহজ উপায় পালন কৰি এই কেৰ্কেটুৱা পৰা উপকাৰ পাৱ বুলি উল্লেখ কৰে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কৃষকৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও তেওঁ উল্লেখ কৰে।  

আজিৰ অনুষ্ঠানত বিহালী  শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰে।
#বিহালীৰ পৰা পৱিত্ৰ দাসৰ ৰিপৰ্ট,  Assam Reports Live.

Video Report

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment