#লেখা পানীৰ ফানেঙত বিনামূলীয়া চিকিৎসা শিবিৰ
#ফানেঙৰ বাপুতি গগৈ মধ্য ইংৰাজী বিদ্যালয়ত
admin
Reporter / Editorial Desk
#লেখা পানীৰ ফানেঙত বিনামূলীয়া চিকিৎসা শিবিৰ
#ফানেঙৰ বাপুতি গগৈ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় এই চিকিৎসা শিবিৰ।
উত্তৰ পূব কয়লা ক্ষেত্ৰৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ উদ্যোগত অনুষ্ঠিত হয় এই বিনামূলীয়া চিকিৎসা শিবিৰ।
চিকিৎসা শিবিৰটোৰ আৰম্ভণিতে যক্ষ্মা ৰোগৰ সজাগতা সভা অনুষ্ঠিত কৰা হয়।
এই সভাত ডাঃ দিব্য জ্যোতি সোণোৱালে যক্ষ্মা ৰোগৰ কাৰণ,লক্ষণ আৰু লৱলগীয়া সাৱধানতা সম্পৰ্কে বিষদ ভাৱে আলোচনা আগবঢ়ায়।
শিৱিৰত বিভিন্ন বিভাগৰ গৰাকী বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়ায়।
চিকিৎসা শিবিৰ টোত প্ৰায় ডেৰ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া কৈ ঔষধ প্ৰদান কৰা হয়।
আনহাতে শিক্ষক ঘন গগৈয়ে আঁত ধৰা অনুষ্ঠানত সামাজিক সাংস্কৃতিক সংগঠন সুয্যোদয়ৰ তৰফৰ পৰা চিকিৎসক সকল আৰু স্বাস্থ্য কৰ্মী সকলক সম্বৰ্ধনা জনায়।
মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপ'ৰ্ট।
Readers Discourse (0)
No comments posted yet. Be the first to start the discussion.
Post a Comment
Related Reports
No related reports found in this category.