Assam Reports Live
Liturature

#পথাৰ কবি ৰাম গগৈক গভীৰ স্মৰণ মৰিগাঁও জিলা কবি সন্মিলনৰ৷

#সাম্প্ৰতিক অসমীয়া কবিতা আৰু কাব্যচৰ্চ্চা শীৰ্ষক আলোচনাচক্ৰ৷

admin

Reporter / Editorial Desk

04 Jul 2026, 08:06 1 min read 52 views
#পথাৰ কবি ৰাম গগৈক গভীৰ স্মৰণ মৰিগাঁও জিলা কবি সন্মিলনৰ৷

#পথাৰ কবি ৰাম গগৈক গভীৰ স্মৰণ মৰিগাঁও জিলা কবি সন্মিলনৰ৷
#সাম্প্ৰতিক অসমীয়া কবিতা আৰু কাব্যচৰ্চ্চা শীৰ্ষক আলোচনাচক্ৰ৷


মৰিগাঁও: ৩ জুন: পথাৰ কবি ৰাম গগৈক গভীৰ স্মৰণেৰে মৰিগাঁও জিলা কবি সন্মিলনে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে “সাম্প্ৰতিক অসমীয়া কবিতা আৰু কাব্যচৰ্চ্চা” শীৰ্ষক মননশীল আলোচনা৷ আলোচনা চক্ৰৰ আৰম্ভণিতে প্ৰয়াত কবিগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে- সদৌ অসম কবি সন্মিলনৰ সামাজিক দায়বদ্ধতা কোষৰ সভাপতি তথা মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি অনিৰুদ্ধ ডেকাই। মৰিগাঁৱৰ হাবিবৰঙাবাৰীত অনুষ্ঠিত অনুষ্ঠানটোৰ আদৰণি ভাষণ আগঢ়াই মহেন্দ্ৰ নাথ আৰু ৰুবিনা দেৱীয়ে। হাবিবৰঙাবাৰী
শাখা কবি সন্মিলনৰ সম্পাদক বাহাৰুল ইছলামে আঁত ধৰা অনুষ্ঠানটিত হাবিবৰঙাবাৰী শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠা কালৰ উপ-সভাপতি 'হিয়া চিলা'ৰ কবি, শিল্পী, নাট্যকাৰ, গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা প্ৰদ্যূম্ন প্ৰতীম ৰাজখোৱাৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়৷ ইয়াৰ। পিছতেই আলোচনা চক্ৰৰ মননশীল আলোচনা আগবঢ়াই মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি শিক্ষাবিদ আবুল হাচেম আল আমানে৷ আলোচনা চক্ৰত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক, যুব কবি মাধৱ চন্দ্ৰ ডেকাই কবিতাৰ সৃষ্টি আৰু চৰ্চা সন্দৰ্ভত বক্তব্য আগবঢ়াই৷ বিয়লিৰ ভাগত মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি ভৱেন চন্দ্ৰ নাথ, সম্পাদক ভূৱন চন্দ্ৰ ডেকা, উপ-সভাপতি নীলকান্ত নাথ, সহকাৰী সম্পাদক,
চৰাইবাহী শাখা কবি সন্মিলনৰ সম্পাদক মিন্তু কুমাৰ মেধি, অবন্তি কুমাৰ বৰা, মৃদুপবন ৰাজখোৱা প্ৰমুখ্যে উদীয়মান কবি সকলৰ উপস্থিতত “বৰষাৰ আবেলি কবিতাৰ আলাপ” শীৰ্ষক কাব্যানুষ্ঠানত শিশু আবৃত্তিকাৰ খ্যাতি ৰাজখোৱা, মেহবুব আলমে সুন্দৰ কবিতা আবৃত্তি কৰাৰ লগতে শিশুশিল্পী ডিম্পল নাথৰ বাঁহী বাদনে উপস্থিত সকলোকে আপ্লুত কৰে। ইয়াৰ পিছতেই হাবিবৰঙাবাৰী শাখা কবি সন্মিলনৰ সভাপতি অনিল কুমাৰ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত কাব্যানুষ্ঠানত কুৰি গৰাকী নবীন প্ৰবীন কবিয়ে কবিতা পাঠ কৰে।।
+++---++++++11111++
প্ৰেৰক -অচু্ত কুমাৰ নাথ, মৰিগাঁও

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment

Related Reports

No related reports found in this category.